সাধাৰণতে মুখত বা জিভাত হোৱা আলচাৰ বা ঘাঁ সকলোৰে পৰিচিত এক সাধাৰণ সমস্যা। সাধাৰণ সমস্যা যদিও দুৰাৰোগ্য হৈ পৰিব পাৰে এই ৰোগ। ঘৰুৱা পদ্ধতিৰেই উপশম পাব পৰা উপায় সমূহ হল-
ক) এলোভেৰাৰ ৰস বা এলোভেৰাৰ জেল ঘাঁ ডোখৰত লগালে সোনকালেই সকাহ পোৱা যায়।
খ) লম ভালকৈ চোবাই তাৰ ৰস বিলাক ঘাঁ ডোখৰত লগাব লাগে আৰু মুখৰ পৰা ওলোৱা লেলাৱতীবোৰ বাহিৰত পেলাই দিব লাগে।
গ) তুলসী পাত পানীত তিয়াই ৰাখি দিনে অন্ততঃ তিনি-চাৰি বাৰ খালে ঘাঁ অতি শীঘ্ৰেই হ্ৰাস পাব।
ঘ) নাৰিকল আৰু নাৰিকলৰ পানী খায়ো উপশম পাব পাৰি।
ঙ) ঘাঁ ডোখৰত মৌ লগালে ইয়াৰ বিষ দূৰ হয়।
- Today is: