আপোনাৰো হয় নেকি এই ৰোগ? ঘৰুৱা পদ্ধতিৰেই উপশম পাব এইবিধ ৰোগৰ পৰা

Health Tips

সাধাৰণতে মুখত বা জিভাত হোৱা আলচাৰ বা ঘাঁ সকলোৰে পৰিচিত এক সাধাৰণ সমস্যা। সাধাৰণ সমস্যা যদিও দুৰাৰোগ্য হৈ পৰিব পাৰে এই ৰোগ। ঘৰুৱা পদ্ধতিৰেই উপশম পাব পৰা উপায় সমূহ হল- 
ক) এলোভেৰাৰ ৰস বা এলোভেৰাৰ জেল ঘাঁ ডোখৰত লগালে সোনকালেই সকাহ পোৱা যায়। 
খ) লম ভালকৈ চোবাই তাৰ ৰস বিলাক ঘাঁ ডোখৰত লগাব লাগে আৰু মুখৰ পৰা ওলোৱা লেলাৱতীবোৰ বাহিৰত পেলাই দিব লাগে। 
গ) তুলসী পাত পানীত তিয়াই ৰাখি দিনে অন্ততঃ তিনি-চাৰি বাৰ খালে ঘাঁ অতি শীঘ্ৰেই হ্ৰাস পাব। 
ঘ) নাৰিকল আৰু নাৰিকলৰ পানী খায়ো উপশম পাব পাৰি।
ঙ) ঘাঁ ডোখৰত মৌ লগালে ইয়াৰ বিষ দূৰ হয়।
চ) ৰাতি ঘাঁ ডোখৰত ঘি লগাই  শুলে যথেষ্ট আৰাম পোৱা যায়।
ছ) হালধি পানীত সিজাই সেই পানীৰে কুলকুলি কৰি উপশম পাব পাৰি। 
জ) মধুৰী আমৰ কুমলীয়া পাত চুবাইয়ো এই ৰোগৰ পৰা আৰাম পাব পাৰি।
 

Category