Shyam Saran Negi

দীৰ্ঘ ১০৬ বছৰৰ এটা অধ্যায়ৰ সমাপ্তি ঘটিল । স্বাধীন ভাৰতৰ প্ৰথম ভোটাৰ শ্যাম চৰণ নেগী আৰু নাই । শনিবাৰে পুৱতি নিশা হিমাচল প্ৰদেশৰ কিন্নৌৰত থকা নিজৰ  ঘৰত শেষ নিশ্বাস ত্যাগ কৰে। শ্যাম  শৰণ নেগীয়েই প্ৰথমে  হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনত ডাক যোগে ভোটদান কৰিছিল।
শ্যাম শৰণ নেগীৰ জন্ম হৈছিল ১৯১৭ চনৰ জুলাই মাহত হৈছিল। দেশে  স্বাধীনতা লাভ কৰাৰ  পিছত ১৯৫১ চনত যেতিয়া নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হৈছিল, হিমাচলৰ এইগৰাকী  বাসিন্দাই প্ৰথম ভোটাৰ হৈছিল। তেওঁ কল্পাৰ এখন বিদ্যালয়ত চাকৰি কৰিছিল।