Medicinde

সাধাৰণতে সকলো ঠাইতে উপলব্ধ পদিনা। চিকিৎসাবিদ সকলৰ মতে পদিনা হৈছে শৰীৰৰ বাবে উপকাৰী। ঔষধৰ গুণ আছে পদিনাত। নিয়মীয়াকৈ পদিনাৰ চাহ,চৰবত,জুচ,চাটনি আদি খাই থাকিলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। পদিনাপ পৰা পোৱা উপকাৰিতা সমূহ হৈছে-
ক) নিতৌ পুৱা খালী পেটত গৰম পানীত পদিনাৰ ৰস মিহলাই খালে কৃমিৰ সমস্যাৰ পৰা মুক্ত হ'ব পাৰি। 
খ) পদিনাই তেজ পৰিস্কাৰ কৰে। শৰীৰৰ ৰক্ত সঞ্চালন প্ৰক্ৰিয়া অত্যন্ত সঠিকভাৱে ৰাখে। 
গ) নিয়মীয়াকৈ পদিলা খালে খাদ্য হজম হোৱাৰ লগতে শৌচ খোলোচা হয়। শৰীৰৰ বৰ্জনীয় পদাৰ্থ বাহিৰলৈ ওলাই যায়। ফলত শৰীৰ নিৰোগী হৈ থাকে।