ৰোগ প্ৰতিৰোধৰ বাবে কিদৰে সহায় কৰে পদিনাই?

Mint Leaves

সাধাৰণতে সকলো ঠাইতে উপলব্ধ পদিনা। চিকিৎসাবিদ সকলৰ মতে পদিনা হৈছে শৰীৰৰ বাবে উপকাৰী। ঔষধৰ গুণ আছে পদিনাত। নিয়মীয়াকৈ পদিনাৰ চাহ,চৰবত,জুচ,চাটনি আদি খাই থাকিলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। পদিনাপ পৰা পোৱা উপকাৰিতা সমূহ হৈছে-
ক) নিতৌ পুৱা খালী পেটত গৰম পানীত পদিনাৰ ৰস মিহলাই খালে কৃমিৰ সমস্যাৰ পৰা মুক্ত হ'ব পাৰি। 
খ) পদিনাই তেজ পৰিস্কাৰ কৰে। শৰীৰৰ ৰক্ত সঞ্চালন প্ৰক্ৰিয়া অত্যন্ত সঠিকভাৱে ৰাখে। 
গ) নিয়মীয়াকৈ পদিলা খালে খাদ্য হজম হোৱাৰ লগতে শৌচ খোলোচা হয়। শৰীৰৰ বৰ্জনীয় পদাৰ্থ বাহিৰলৈ ওলাই যায়। ফলত শৰীৰ নিৰোগী হৈ থাকে। 
ঘ) পদিনাই ইউৰিক এচিড , কলেষ্ট'ৰেল, হৃদৰোগ, উচ্চ বা নিম্ন ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে।
ঙ) পুৰণি জ্বৰ,নিউম'নিয়া, টায়ফয়েদ আদি ৰোগত পদিনা ৰসৰ লগত তুলসী , আদা,জালুক আৰু মৌ একাপ বা এগিলাচ গৰম পানীত মিহলাই খালে যথেষ্ট উপকাৰ পাব পাৰে। 
চ) গৰমত ছালৰ যিকোনো এলাৰ্জি বা ছালৰ সংক্ৰমণৰ বাবে পদিনা অতি উপকাৰী।
ছ) চাইনাচাইটিছ ,চৰ্দি-কাহ, এজমাৰ সমস্যাত পদিনাৰ জুচ, চাটনি, চাহ অতি সুফলদায়ক।
জ) পেটৰ গেছ, পেটফুলা, পেটবিষ, বুকু জ্বলা-পোৰা আদি সমস্যাত পদিনাৰ চাটনি বা চৰবত খালে উপকাৰ পাব পাৰে।  
 

Category
Profile picture for user UB Photos