Solarsystem

আজি দৃশ্যমান হ’ব বিৰল মহাজাগতিক পৰিঘটনা। একেডাল সৰল ৰেখাত থাকিব সূৰ্য, চন্দ্ৰ, পৃথিৱী। ১০৭ বছৰৰ পাছত হ’ব এই বিৰল মহাজাগতিক পৰিঘটনা। ২০২২ বৰ্ষৰ এইটো হ’ব অন্তিমটো সূৰ্যগ্ৰহণ। আজি হ’ব লগা এই সূৰ্যগ্ৰহণ প্ৰায় ৪০ মিনিটলৈ থাকিব। কিন্তু স্থান বা ঠাই ভেদে ইয়াৰ আৰম্ভ তথা শেষ হোৱাৰ সময় ভিন্ন হ’ব। সূৰ্যগ্ৰহণৰ সুতক কাল ১২ ঘণ্টা পূৰ্বে আৰম্ভ হৈ যাব। ভাৰতত সূৰ্যগ্ৰহণ দিনৰ ২ বাজি ২৯ মিনিটত আৰম্ভ হ’ব আৰু কমেও ৪ ঘন্টা ৩ মিনিটলৈ এই গ্ৰহণ চলিব। ভাৰতৰ নতুন দিল্লী, বাংগালোৰ, কলিকতা, চেন্নাই, উজ্জাইন, বাৰাণসী আৰু মৰাত দেখা পাব সূৰ্যগ্ৰহণ।অসমতো বিয়লি ৪ বজাৰ পৰা দৃশ্যমান হ’ব সূৰ্যগ্ৰহণ। নামনি অসমৰ কোকৰাঝাৰ, ধুবুৰী