durga

শাৰদীয় দুৰ্গোৎসৱৰ আজি অষ্টমটো দিন।

মহা অষ্টমীৰ এই দিনটোত দুৰ্গা দেৱীৰ অষ্টম ৰূপ মহাগৌৰীক পূজা কৰা হয়। পৌৰাণিক কথা অনুসৰি, কঠোৰ তপস্যা কৰি দেৱী দুৰ্গাই গৌৰ বৰ্ণ প্ৰাপ্ত কৰিছিল বাবে তেওঁৰ নাম মহাগৌৰী। শাস্ত্ৰত উল্লেখ থকা অনুসৰি দেৱী মহাগৌৰীৰ পূজা কৰিলে ভক্তসকলে ধন, ঐশ্বৰ্য আৰু সুখ বৃদ্ধি হয়। দেৱী মহাগৌৰীৰ ৰূপ বহুত শান্ত আৰু সৌম্য হয়। তেওঁৰ পূজা কৰিলে মনত পবিত্ৰতা অব্যাহত থকাৰ লগতে ভক্তসকলৰ সকলো মনোকামনা পূৰ্ণ হয়।