Alia Bhatt Ranbir Kapoor

বহু প্ৰতিক্ষাৰ অন্তত অৱশেষত আহিল সেই সুখবৰ। মাতৃ হ'ল অভিনেত্ৰী আলিয়া ভাট। আলিয়া-ৰণবীৰৰ জীৱনলৈ আহিল এটি কন্যা শিশু। কাপুৰ পৰিয়ালে আদৰিলে কন্যা শিশুক। মুম্বাইৰ এইচ এন ৰিলায়েন্স হাস্পতালত প্ৰথম সন্তান প্ৰসৱ কৰে অভিনেত্ৰীগৰাকীয়ে। এতিয়া এটি কন্যা সন্তানৰ পিতৃ-মাতৃ বলীউডৰ চৰ্চিত দম্পতীহাল।