Mangaldoi Murder

পাথৰিঘাট আৰক্ষী চকীৰ অন্তৰ্গত কটাহীত সংঘটিত হয় এই জঘন্য হত্যাকাণ্ড। ঘৰৰ ভিতৰৰ পৰা উলিয়াই আনি চিপৰাঙে মৰিয়াই মৰিয়াই হত্যা কৰা হয় এজন লোকক৷ মৃত লোকজন দুটি সন্তানৰ পিতৃ পৰেশ চহৰীয়া বুলি জানিব পৰা গৈছে ৷ হত্যাকাণ্ডটো সংঘটিত কৰে একে চুবুৰীৰে জিতুমনি নাথ ওৰফে মেধিয়ে ৷

হত্যাকাণ্ডৰ পূৰ্বে পৰেশৰ পিতৃ-মাতৃক ঘৰত আহি অশালীন ব্যৱহাৰ কৰিছিল হত্যাকাৰী জিতুমণিয়ে। যাৰ বাবে অসহ্য হৈ জিতুমণিক ঘৰৰ পৰা উলিয়াই দিছিল পৰেশ চহৰীয়াই৷ পৰিণতিত ঘৰৰ ভিতৰত থকা পৰেশ চহৰীয়াক ঘৰৰ ভিতৰৰ পৰা উলিয়াই আনি চোতালতে হত্যা কৰে জিতুমনি নাথে ৷