Punjabi Singer

জনপ্ৰিয় পাঞ্জাৱী গায়ক সিদ্ধু মুজ ৱালাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পালে বহু তথ্য়। 

গুলীচালনা কৰাৰ ১৫ মিনিটৰ ভিতৰতে মৃত্যু হৈছিল সিদ্ধু মুজ ৱালাৰ। ১৯ জাই গুলীৰে গুলীয়াই হত্য়া কৰা হৈছিল মুজ ৱালাক। ২৮ বছৰীয়া মুজ ৱালাক ২৯ মে, দেওবাৰে পঞ্জাৱৰ মানচা জিলাত গুলীয়াই হত্যা কৰা হৈছিল।

মৃত্যুৰ পিছত মুজ ৱালাৰ মৃতদেহ পঠিওৱা হৈছিল মৰণোত্তৰ পৰীক্ষাৰ বাবে, পাঁচজন চিকিৎসকৰ এটা পেনেলে এই সিদ্ধান্তত উপনীত হয় যে তেওঁৰ মৃত্যুৰ কাৰণ হৈছে "ৰক্তক্ষৰণৰ শ্বক যিটো বৰ্ণনা কৰা অনুসৰি মৰণোত্তৰ পৰীক্ষাৰ আগ্নেয়াস্ত্ৰৰ আঘাতৰ বাবে হয়।"