এজাক বৰষুণতে উটুৱাই নিলে মহানাগৰিকৰ আভিজাত্য। স্মাৰ্ট চিটিৰ পৰিৱৰ্তে বানপানীলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী।
নেৰানেপেৰা বৰষুণৰ ফলত শুকুৰবাৰে গুৱাহাটীৰ কেইবাটাও ঠাইত পানী জমা হোৱাৰ ফলত স্তদ্ধ হৈ ৰৈছে বাট-পথ, যান-বাহন।
যাৰফলত হাতীগাওঁ, বেলতলা, চান্দমাৰী, চিৰিয়াখানা পথ আৰু অন্যান্য অঞ্চলত সমস্যাই দেখা দিছে।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আইএমডি) গুৱাহাটীত বজ্ৰপাত আৰু ৩১মিমি (১.২২") তীব্ৰ বৰষুণৰ ভৱিষ্যতবাণী কৰিছে।