ফাইলতে আবদ্ধ হৈ থাকিল স্মাৰ্ট চিটী! নেৰানেপেৰা বৰষুণৰ ফলত স্তদ্ধ হৈ ৰ'ল গুৱাহাটী মহানগৰী

Heavy Rain In Ghy

এজাক বৰষুণতে উটুৱাই নিলে মহানাগৰিকৰ আভিজাত্য। স্মাৰ্ট চিটিৰ পৰিৱৰ্তে বানপানীলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী।

নেৰানেপেৰা বৰষুণৰ ফলত শুকুৰবাৰে গুৱাহাটীৰ কেইবাটাও ঠাইত পানী জমা হোৱাৰ ফলত স্তদ্ধ হৈ ৰৈছে বাট-পথ, যান-বাহন।

যাৰফলত হাতীগাওঁ, বেলতলা, চান্দমাৰী, চিৰিয়াখানা পথ আৰু অন্যান্য অঞ্চলত সমস্যাই দেখা দিছে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আইএমডি) গুৱাহাটীত বজ্ৰপাত আৰু ৩১মিমি (১.২২") তীব্ৰ বৰষুণৰ ভৱিষ্যতবাণী কৰিছে।

ইফালে, শুকুৰবাৰে (১৩/০৫/২০২২) ১.০০ বজাত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত কাউঞ্চিলৰ সাধাৰণ নিৰ্বাচনৰ পিছত গুৱাহাটী পৌৰ নিগমৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়।

Category
Profile picture for user UB Photos