সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)য়ে আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিযোগে ৰাজহুৱা কৰিছে যে আলফাৰ শিবিৰত চোৰাংচোৱাগিৰি কৰিবলৈ যোৱা সঞ্জীৱ শৰ্মা আৰু ধনজিত দাস নামৰ দুজন অসমীয়া যুৱকক আলফাই মৃত্যুদণ্ড বিহিছে ৷
বৰপেটা জিলাৰ ধনজিৎ দাস ওৰফে ৰূপক অসমে ২৪ এপ্ৰিলত আলফাৰ শিবিৰৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰিছিল বুলি অভিযোগ কৰা হৈছে।