Pushpa

২০২১ চনত বিশ্ব তোল-পাৰ লগাইছিল দাক্ষিণাত্যৰ এখন ছবিয়ে, নাম- পুষ্পা- The Rise। ছবিগৃহত খলকনি লগাইছিল পুষ্পাই। প্ৰত্যকৰে মনত সাঁচ বহুৱাই থৈ গৈছিল পুষ্পা ছবিৰ প্ৰথম অংশই। এই ছবিৰ দ্বিতীয় অংশলৈ অধীৰ আগ্ৰহেৰে বাট চাইছিল সকলোৱে। অৱশেষত বহু প্ৰত্যাশিত ছবিখনৰ প্ৰথম চিত্ৰ আজি মুক্তি কৰি দিয়া হ'ল। আল্লু অৰ্জুন অভিনীত পুষ্পা ২: দ্য ৰুলৰ নিৰ্মাতাসকলে শুক্ৰবাৰে সন্ধিয়া তাৰকা গৰাকীৰ ৪০ তম জন্মদিনৰ কেইঘণ্টামান আগতে ছবিখনৰ এক আভাস শ্বেয়াৰ কৰিছিল। ২০২১ চনৰ আটাইতকৈ ডাঙৰ ভাৰতীয় ব্লকবাষ্টাৰ পুষ্পা: দ্য ৰাইজৰ চিকুৱেল ছবিখন এই বছৰটোৰ আটাইতকৈ প্ৰত্যাশিত ভাৰতীয় চলচ্চিত্ৰসমূহৰ ভিতৰত অন্যতম। পুষ্পা- দ্য ৰুলৰ ভিড