Russia vs Ukraine Conflixt

ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত অব্যাহত আছে যুদ্ধ। আজি দ্বাদশ দিন। আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ সৈতে ফোনযোগে কৰিব বাৰ্তালাপ।

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে বুধবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে ফোনত বাৰ্তালাপ কৰিছিল। ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ইউক্ৰেইনৰ সেনাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি প্ৰধানমন্ত্ৰী মোদীক কৈছিল যে, যে ইউক্ৰেইনৰ সেনাই তাত থকা ভাৰতীয় ছাত্ৰ–ছাত্ৰীক আবদ্ধ কৰিছে আৰু তেওঁলোকক মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰিছে। ইয়াৰ লগতে ইউক্ৰেইনৰ সেনাই ভাৰতীয়ক ৰাছিয়া ক্ষেত্ৰলৈ যোৱাত বাধা দিয়া বুলিও উল্লেখ কৰে।