Help

দৰিদ্ৰৰ কাষত সদায়েই থাকে জনপ্ৰিয় অভিনেতা চনু ছুড। এইবাৰ অসমৰ যুৱকক আগবঢ়ালে সহায়ৰ হাত। এটি দুৰ্ঘটনাত চিৰদিনৰ বাবে বাবে দুয়োখন হাত হেৰুৱাই অমানিসা নামি অহা শিৱসাগৰৰ ৰাজু আলীৰ দুহাত পুনৰ শৰীৰত সংযোগ হ'ল বলীউডৰ জনপ্ৰিয় অভিনেতা চনু ছুডৰ বদান্যতাত। শিৱসাগৰৰ ৰাজু আলী নামৰ এজন দুযোখন হাত নথকা ব্যক্তিয়ে প্ৰায় তিনি লাখ টকাৰ মূল্যৰ দুখনকৈ বৈদ্যুতিক চাৰ্জিং হাত লাভ কৰা ঘটনা সৰ্বাধিক চৰ্চাৰ বিষয় হৈ পৰিছে। উল্লেখ্য যে শিৱসাগৰ ষ্টেচন চাৰি আলিৰ স্থায়ী নিবাসী ৰাজু আলী পেছাত এগৰাকী গাড়ীচালক। প্ৰায় ৫৭ বছৰীয়া ৰাজু আলীয়ে আজিৰ পৰা কেইটামান বছৰৰ পূৰ্বে সংঘটিত এক ভয়ানক দুৰ্ঘটনাত কিলাকুটিৰ তলতেই দুয়োখন হাত হেৰুৱা