দেশৰ ৰাজধানী দিল্লীত অব্যাহত আছে কৃষক বিদ্ৰোহ। বিভিন্ন দাবী লৈ কৃষক সংগঠনৰ এই প্ৰতিবাদ। কৃষকৰ এই প্ৰতিবাদত সীমান্তৰ দুই-এক অঞ্চলত বিক্ষিপ্ত ঘটনাও সংঘটিত হোৱা দেখা যায়।
উল্লেখ্য যে, সাময়িকভাৱে প্ৰতিবাদী কাৰ্যসূচী বাতিল কৰা হৈছিল যদিও পুনৰ আৰম্ভ হ’ব কৃষক বিদ্ৰোহ। দেওবাৰে কৃষকসকলৰ সৈতে বৈঠকত মিলিত হয় কেন্দ্ৰীয় কৃষিমন্ত্ৰী অৰ্জুন মুণ্ডা, উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীযুষ গোৱেল তথা ৰাজ্যিক গৃহমন্ত্ৰী নিত্যানন্দ ৰথ।