Burning

শ্ৰীৰামপুৰত জব্দ কৰা ১৫ কোটি টকাৰ গাঁজা-চিগাৰেট অসম-বংগ সীমান্তৰ সংকোষ নদীৰ পাৰত দাহ।

অসমৰ দুৱাৰ স্বৰূপ শ্ৰীৰামপুৰত বিগত সময়চোৱাত আৰক্ষীয়ে অভিযান চলাই প্ৰায় ১৫ কোটিৰোধিক টকাৰ গাঁজা আৰু বিদেশী চিগাৰেট জব্দ কৰিবলৈ সক্ষম হৈছে।

আৰক্ষীয়ে ৰাষ্ট্ৰীয় পথৰ শ্ৰীৰামপুৰত অভিযান চলাই জব্দ কৰা নিষিদ্ধ ঘোষিত এই গাঁজা আৰু চিগাৰেট আজি অসম- বংগ সীমান্তৱৰ্তী সংকোষ নদীৰ পাৰত জ্বলাই দিয়ে। পৰিৱেশ নষ্ট নোহোৱাকৈ কটকটীয়া নিৰাপত্তাৰ মাজত এই সামগ্ৰী সমূহ জ্বলাই দিয়া হয়।