বকোৰ জামবাৰীত সংঘটিত হৈছে এক হিংসাত্মক ঘটনা! এটা বাসগৃহলৈ দুর্বৃত্তৰ অগ্নি সংযোগ

fire

বকোৰ জামবাৰীত সংঘটিত হৈছে এক হিংসাত্মক ঘটনা ৷

নিশা বাছেৰ আলী নামৰ লোকজনৰ ঘৰত দুৰ্বিত্তৰ অগ্নি সংযোগ ৷ নিশা ঘৰত জুই লগা সময়ত বাছেৰ আলী আছিল GMCHত ৷  

জানিব পৰা মতে, জুইত জাহ গ'ল বাছেৰ আলীৰ কাপোৰৰ ওপৰিও মাটি আৰু ল'ৰা ছোৱালীৰ বহু তথ্য ৷ স্থানীয় ৰাইজে জুইৰ উমান পাই অগ্নি নিৰ্বাপিত কৰিবলৈ সক্ষম হয় যদিও ঘৰটো প্ৰায় জ্বলি শেষ হয়৷

বাছেৰ আলীৰ অভিযোগ অনুসৰি পূৱাতে মোমাইক বাক্কাৰ আলীৰ পৰিয়ালৰ লগত মাটি-বাৰী সংক্ৰান্তিয় কথাৰ বাবে কাজিয়াৰ সুত্ৰপাত হৈছিল ৷ বাক্কাৰ আলীয়ে দা আৰু কুঠাৰেৰে আক্ৰমন কৰে ভাগিনিয়েক বাছেৰ আলীক ৷ আঘাত পোৱা বাছেৰ আলীক GMCH  লৈ প্ৰেৰণ কৰে ৷ ইপিনে নিশা বাক্কাৰ আলীয়ে ভাগিনীয়েকৰ ঘৰত নিশা ১.৩০ বজাত ঘৰত জুই দিয়াৰ অভিযোগ দিয়ে ৷

ভুক্তভোগী বাছেৰ আলীয়ে বকো আৰক্ষী চকীত বাক্কাৰ আলী, চেহেৰ আলী, গাজী আলী আৰু মজিবৰ আলীৰ এখন বিৰুদ্ধে এজাহাৰ দিয়ে ৷

Category
Profile picture for user UB Photos