garazai

এটা দুৰ্ধৰ্ষ অপৰাধী। এই অপৰাধীৰ জীৱনপঞ্জীত ভাল বুলিবলৈ ১ শতাংশও নাই। মানুহ দেখিলেই মাৰিবলৈ উচপিচাই থাকে এই অপৰাধী। ধাৰাবাহিক হত্যাকাণ্ড, ডকাইতি, ধৰ্ষণৰ দৰে জঘন্য অপৰাধ কৰি জনগণৰ মাজত ত্ৰাসৰ সৃষ্টি কৰা ঢকুৱাখনাৰ দুৰ্ধৰ্ষ অপৰাধী গেৰজাই পলাল। অসম আৰক্ষীৰ জিম্মাত থাকোতেই শনিবাৰে পুৱতি নিশা পলায়ন কৰে গেৰজায়ে।