বুধবাৰে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।
পিতৃৰ কোলাৰ পৰাই এগৰাকী মাস্ক পৰিধান কৰা মহিলাই কাঢ়ি লৈ গ'ল এটি কণমানি শিশুক। বৰ্তমান ঘটনাৰ সন্দৰ্ভত ভঙাগড় থানাত এজাহাৰ দাখিল কৰিছে GMCH কৰ্তৃপক্ষই।
সন্ধানহীন হোৱা সাতমহীয়া শিশুটিক যোৱা ২৪ মাৰ্চত শিশুটিক GMCHত ভৰ্তি হৈছিল। শিশুটি কিডনীজনিত ৰোগত আক্ৰান্ত হৈ আছিল। বুধবাৰে পুৱা ৪:৩০ বজাত পিতৃৰ কোলাৰ পৰা এগৰাকী মহিলাই লৈ যায়।