GMCHত ভয়ংকৰ ঘটনা! পিতৃৰ কোলাৰ পৰাই লৈ গ'ল এটি কণমানি

GMCH

বুধবাৰে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।

পিতৃৰ কোলাৰ পৰাই এগৰাকী মাস্ক পৰিধান কৰা মহিলাই কাঢ়ি লৈ গ'ল এটি কণমানি শিশুক। বৰ্তমান ঘটনাৰ সন্দৰ্ভত ভঙাগড় থানাত এজাহাৰ দাখিল কৰিছে GMCH কৰ্তৃপক্ষই।

সন্ধানহীন হোৱা সাতমহীয়া শিশুটিক যোৱা ২৪ মাৰ্চত শিশুটিক GMCHত ভৰ্তি হৈছিল। শিশুটি কিডনীজনিত ৰোগত আক্ৰান্ত হৈ আছিল। বুধবাৰে পুৱা ৪:৩০ বজাত পিতৃৰ কোলাৰ পৰা এগৰাকী মহিলাই লৈ যায়।

পিছে কোন সেইগৰাকী মাস্ক পৰিধান কৰা মহিলা, কাৰোবাৰ ওচৰত বিক্ৰী কৰিলে নেকি কণমানিটিক। আৰক্ষীয়ে এতিয়া আৰম্ভ কৰিছে তদন্ত। কিন্তু এই পৰ্যন্ত ঘটনাৰ সন্দৰ্ভত কোনো ধৰণৰ শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষী।

Category
Profile picture for user UB Photos