Uruka

আকৌ আহিল অসমীয়া বাপুতি সাহোন ভোগালী বিহু। ৰাজ্যবাসীৰ লগতে বিমান বন্দৰতো ভোগালীৰ ৰং ভোগালী বিহু উপলক্ষে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠ চৌহদৰ ভিতৰত আগমন আৰু প্ৰস্থান কক্ষত বাঁহ আৰু নৰাৰে আটকধুনীয়াকৈ সাজি উলিওৱা হৈছে দুটা মেজিঘৰ। মেজিঘৰত কৃত্ৰিমভাবে জ্বলি থকা একুৰা জুই দেখুৱা গৈছে।