Homosexual

প্ৰচলিত ধ্যান ধাৰণাৰ বিপৰীতে দুই যুৱতী প্ৰতিশ্ৰুতিবদ্ধ হ’ল আজীৱন একেলগে থাকিবলৈ।

সুৰভি মিত্ৰ আৰু পাৰমিতা মুখাৰ্জী নামৰ দুগৰাকী যুৱতীয়ে নিজৰ প্ৰেমৰ সম্পৰ্কক দিব বিচাৰিছে বৈবাহিক ৰূপ। দুয়ো দুয়োকে সমজুৱাভাৱে আঙুঠি পিন্ধাই এই সম্পৰ্কক শক্তিশালী কৰি তুলিলে। অতি সোনকালে দুই যুৱতী আৱদ্ধ হ’ব বিবাহপাশত।

সুৰভিৰ ঘৰ নাগপুৰত আৰু পাৰমিতাৰ ঘৰ কলকাতাত। সুৰভি পেছাত ডাক্তৰ আৰু পাৰমিতাই এটা কোম্পানীত চাকৰি কৰি আছে। নাগপুৰৰ এখন ৰিজ’ৰ্টত পৰিয়ালৰ লোকৰ উপস্থিতিত সুৰভি আৰু পাৰমিতাৰ ৰিং চেৰেমনী অনুষ্ঠিত হয়।