Engagement

অনুৰাগীৰ মাজত চৰ্চাত জনপ্ৰিয় কৰিঅ'গ্ৰাফাৰ তুষাৰ কালিয়া। কিয়নো বহু যুৱতীৰ হৃদয় ভাঙি বিবাহপাশত আৱদ্ধ হ'বলৈ ওলাইছে কৰিঅ'গ্ৰাফাৰ তুষাৰ কালিয়া।

 

 

প্ৰেমিকা ত্ৰিবেণী বৰ্মণৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিবলৈ আগবাঢ়িছে তুষাৰ। দেওবাৰে ইনষ্টাগ্ৰামযোগে কৰিঅ'গ্ৰাফাৰগৰাকীয়ে ঘোষণা কৰে এই কথা। মাংগলিক কাৰ্যৰ ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে তুষাৰ কালিয়াই। তেওঁ লিখিছে,'নতুন শুভাৰম্ভণিৰ দিশে, আমাক আপোনালোকৰ মৰম আৰু আশীৰ্বাদ যাচিব'।