Birthday Special

৫৬তম জন্মদিন চলমান খানৰ বাবে আছিল অতি বিশেষ। পানভেলত চলমানৰ জন্মদিনৰ পাৰ্টিত বহুতো চেলিব্ৰেটীয়ে অংশগ্ৰহণ কৰিছিল।

উল্লেখ্য় যে, দাবাং খানে তেওঁৰ জন্মদিনত বহুতো উপহাৰ লাভ কৰিছে। ভাই-ভনী আৰু পিতৃ-মাতৃৰ উপৰিও চলমানক তেওঁৰ সহ-অভিনেত্ৰী কেটৰিনা কাইফ, শিল্পা চেট্টী আৰু জেকলিন ফাৰ্ণাণ্ডেজে ব্যয়বহুল উপহাৰেৰে অভিনন্দন জনায়।

নববিবাহিত বলীউডৰ অভিনেত্ৰী কেটৰিনা কাইফে প্ৰায় ৩ লাখ টকাৰ সোণৰ ব্ৰেচলেট উপহাৰ দিয়ে চলমানক, আনহাতে জেকলিন ফাৰ্ণাণ্ডেজে প্ৰায় ১২ লাখ টকাৰ এটা ঘড়ী উপহাৰ দিয়ে ৷ শিল্পা চেট্টীয়ে ১৬-১৭ লাখ টকাৰ হীৰাৰ ব্ৰেচলেট উপহাৰ দিয়ে চলমান খানক ৷