Asom live 24

নিশা মহানগৰীৰ কালীপুৰত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত মৃত্যু হয় প্ৰতিভাৱান ভিডিঅ’ জাৰ্নেলিষ্ট আইজুৰ আলীৰ।

নিশা কৰ্মস্থলীৰ পৰা স্কুটীৰে গৈ থকাৰ সময়তে পথৰ দাঁতিৰ শিলৰ দমত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাত পতিত হয় আইজুৰ। দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আইজুৰৰ জি এম চি এইচত মৃত্যু হয়।

মৃত আইজুৰ আলীৰ ঘৰ জালুকবাৰীৰ গাড়ীগাঁৱত। অসম লাইভ ২৪ নামৰ এটা ৱেব প’ৰ্টেলৰ ভিডিঅ' জাৰ্নেলিষ্ট আছিল আইজুৰ।নিশা কৰ্ম সম্পাদন কৰি ঘৰলৈ আহি থকা অৱস্থাত পতিত হয় দুৰ্ঘটনাত।

ভিডিঅ' জাৰ্নেলিষ্টগৰাকীৰ মৃত্যুত সংবাদ প্ৰতিষ্ঠানটোৰ লগতে অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।