HSLC exam Results

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ মাজতেই চৰাইদেউ সাপেখাতীত শোকাৱহ ঘটনা ৷

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰি নিজৰ গাত কেৰাচিন ঢালি আত্মজাহৰ চেষ্টা এগৰাকী ছাত্ৰীৰ ৷

ৰহন উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱৰ্তীণ হৈছিল পৰীক্ষাত ছাত্ৰীগৰাকী ৷ ৰহন গোহাঁই গাওঁৰ পল্লৱী বৰগোহাঁইয়ে চাৰি খন কাকততে উত্তীৰ্ণ হব নোৱাৰাৰ বাৱেই সংঘটিত কৰিলে এই ঘটনা ৷

ইতিমধ্যে ৫০ শতাংশতকৈ অধিক অগ্নিদগ্ধ ছাত্ৰীগৰাকীক পৰিয়ালৰ লোকে প্ৰথমে সাপেখাতী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্ত্তি কৰে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাৱে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে ৷