ৰাজ্যত অব্যাহত আছে ক’ভিডৰ সংক্ৰমণ ৷ এইবাৰ গুৱাহাটীৰ ‘অসম জাতীয় বিদ্যালয়’ৰ দুগৰাকী শিক্ষক আক্ৰান্ত হৈছে ক’ভিডত ৷
যাৰফলত ছয় দিনৰ বাবে বন্ধ থাকিব বুলি বিদ্যালয়খনৰ অধ্যক্ষ ঘনশ্যাম মেধিয়ে জনাইছে।
অধ্যক্ষৰ দ্বাৰা স্বাক্ষৰিত এক চৰকাৰী জাননীত কোৱা হৈছে যে ২৬ আৰু ২৭ নৱেম্বৰত শিক্ষাৰ্থী, শিক্ষক আৰু কৰ্মচাৰীৰ মাজত আৰটি-পিচিআৰ পৰীক্ষা কৰা হৈছিল। উক্ত পৰীক্ষাৰ ফলাফল অনুসৰি বিদ্যালয়খনৰ দুগৰাকী শিক্ষকৰ দেহত ক’ভিডৰ অৱস্থিতিয়ে দেখা দিছে৷ যাৰ বাবে অহা ৬দিনলৈ বন্ধ হৈ পৰিল নুনমাটিৰ অসম জাতীয় বিদ্যালয়৷