Chandmari Police Station

মহানগৰীৰ আন এটা নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ অসম ৷ শুই থকা কোঠাতেই ককায়েকক হত্যা কৰিলে কনিষ্ঠ ভাতৃয়ে ৷

এইবাৰৰ স্থান বামুণীমৈদামৰ কুশল নগৰত। ড্ৰাগছ আসক্ত হোৱাৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হয় বুলি জানিব পৰা গৈছে।

নিশা একে কোঠাতে শুইছিল দুই ভাই-ককাই জিণ্টু দাস আৰু কমল দাস ৷ জানিব পৰা মতে, দিনৰ পৰাই কাজিয়াৰ সূত্ৰপাত হৈছিল দুয়োৰে, নিশা শোৱাপাটীত প্ৰথমে কথাৰ কটা-কটি আৰু তাৰপিছত ৰদেৰে মৰিয়াই মৰিয়াই হত্যা নিজ ভাতৃৰ।

জিণ্টু দাসৰ বয়স ২০ বছৰ আৰু কমল দাসৰ ২২ বছৰ।