Go Blue

২০ নৱেম্বৰৰ সন্ধিয়া নীলা জ্যোতিৰে আলোকিত হ'ল অসম আৰক্ষীৰ হেডকোৱাৰ্টাৰ আৰু গুৱাহাটীৰ আৰক্ষী থানা। শনিবাৰৰ সন্ধিয়া নীলা আভাৰে জ্যোতিষ্মান হ'ল মহানগৰীৰ আৰক্ষী থানা।

UNICEFএ আৰম্ভ কৰা GO BLUE অভিযানৰ বাবেই সজাই-পৰাই তোলা হ'ল আৰক্ষী থানাসমূহ। বিশ্ব শিশু দিৱসৰ লগত সংগতি ৰাখি শিশুৰ অধিকাৰৰ দাবী উত্থাপনৰ বাবেই ব্যৱহাৰ কৰা হ'ল নীলা জ্যোতি।

উল্লেখ্য যে, প্ৰতি বছৰে ২০ নৱেম্বৰত পালন কৰা হয় বিশ্ব শিশু দিৱস। চলিত বৰ্ষত ক'ভিড-১৯ মহামাৰীয়ে জুৰুলা কৰা শিশুসকলৰ বাবে বিশেষভাৱে শিশু দিৱস উদযাপন কৰিব নোৱাৰিলেও তেওঁলোকৰ অধিকাৰৰ বাবে এনেদৰেই নীলা জ্যোতিৰে জ্যোতিষ্মান কৰা হ'ল সমগ্ৰ বিশ্ব।