Two Wheeler

বাইক চলোৱা লোকসকলৰ বাবে ভাৰতৰ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে জাৰি কৰিছে নতুন নিৰ্দেশনা। শিশুসকলৰ পথ সুৰক্ষাৰ বাবে জাৰি কৰা হৈছে নতুন নিয়মাৱলী। নতুন নিয়মাৱলী অনুসৰি ৯ মাহৰ পৰা ৪ বছৰীয়া শিশুৱে দুচকীয়া বাহনেৰে যাত্ৰা কৰিলে পালন কৰিব লাগিব কিছু নিয়ম, অন্যথা ভৰিব লাগিব জৰিমনা।

বাইকেৰে যাত্ৰা কৰাৰ সময়ত ৯মাহৰ পৰা ৪ বছৰীয়া শিশুৱে পৰিধান কৰিব লাগিব Safety Harness(সুৰক্ষা হাৰ্নেছ)। Safety Harness পাতল, জলৰোধী আৰু কুশ্বনেৰে সজ্জিত হ’ব লাগে, যাতে শিশুটোৱে আৰাম কৰিব পাৰে। লগতে, ইয়াৰ ক্ষমতা ৩০ কিগ্ৰা.লৈকে হ’ব লাগে।