মটৰচাইকেলৰ চালক-আৰোহী সাৱধান, গুৱাহাটীত আজিৰ পৰা প্ৰযোজ্য হ'ল নতুন নিয়ম

Guwahati Two Wheeler Rules

আজিৰ পৰা কামৰূপ মহানগৰ জিলাত দুচকীয়া বাহনৰ ক্ষেত্ৰত প্ৰযোজ্য হৈছে নতুন নিয়ম । আৰু এই নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে পৰিবহন বিভাগে।

নিয়ম প্ৰযোজ্য হোৱাৰ প্ৰথম দিনটোত পুৱাৰে পৰা গণেশগুৰিত পৰিবহন বিভাগে চলাই আছে অভিযান। অভিযানত বহু দুচকীয়া বাহনে ১০০০ টকাকৈ জৰিমনা ভৰা বুলিও জানিব পৰা গৈছে।

পৰিবহন বিভাগৰ নতুন নিয়ম অনুসৰি চালক-আৰোহীয়ে পৰিধান কৰিব লাগিব হেলমেট। অন্যথা ভৰিব লাগিব ১০০০ টকাৰ জৰিমনা।

আজিৰ পৰা প্ৰযোজ্য হৈছে এই নীতি। মহিলা আৰোহীয়েও পৰিধান কৰিব লাগিব হেলমেট।

মনকৰিবলগীয়া যে, নিয়ম উলংঘাকাৰী চালকসকলৰ ৩ মাহৰ বাবে বাতিল কৰা হ’ব লাইচেন্স।

উল্লেখ্য় যে, ৩ মাহত আৰক্ষীয়ে জৰিমনা বিহিছে ৭.৫ কোটি টকা। চাৰিচকীয়া বাহনৰ ক্ষেত্ৰতো কঠোৰ হৈছে পৰিবহণ বিভাগ।গাড়ী চলোৱাৰ সময়ত ছীট বেল্ট লগোৱাটো কৰা হৈছে বাধ্যতামূলক।

গুৱাহাটী মহানগৰীত দুৰ্ঘটনা হ্ৰাস কৰাৰ উদ্দেশ্যেই মহানগৰ জিলা পৰিবহন বিভাগে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।

Category