New York

বিশ্বৰ বিভিন্ন স্থানত অকল্পনীয় পেছাত নিয়োজিত হয় বহু লোক। তেনে পেছাত নিয়োজিত এগৰাকী নিউয়ৰ্কৰ মহিলা হৈছে টেলৰ এ হামফ্ৰে। ৩৩ বছৰীয়া টেলৰে বহু দম্পতীৰ নৱজাতকৰ নাম ৰাখি লাভ কৰি আহিছে প্ৰচুৰ ধন। বহু পিতৃ-মাতৃয়ে নিজ সন্তানৰ নাম কি ৰাখিব সেয়া নিশ্চিত কৰিব নোৱাৰি টেলৰৰ ওচৰ চাপে। তেতিয়াই শিল্পী তথা বিখ্যাত লোকসকলৰ নামেৰে নৱজাতকৰ নামকৰণ কৰে টেলৰে। আমেৰিকাত এতিয়া সন্তানৰ নামকৰণৰ ক্ষেত্ৰত পিতৃ-মাতৃৰ সমস্যা সমাধান কৰিবলৈ ভাৰতীয় মুদ্ৰাৰ হিচাপত ডেৰ লাখ টকা পৰ্যন্ত গ্ৰহণ কৰে টেলৰে। অৱশ্যে টেলৰে নাম ৰখা নৱজাতসকলৰ নামৰ অৰ্থই আমেৰিকান সংস্কৃতি আৰু মূল্যবোধক বহন কৰাটো বাধ্যতামূলক হ'ব লাগিব।