Lamding

ৰাজ্যত অব্যাহত আছে অবৈধ  নদী খনন কাৰ্য। 

যি সময়ত ৰাজ্যত মুখ্যমন্ত্ৰী গৰাকীয়ে  দুৰ্নীতি বিৰুদ্ধে তৎপৰ হোৱা দেখা গৈছে তেনেসময়ত হোজাই জিলাৰ লামডিঙত একাংশ বলি মাফিয়াই চলাইছে নদী খনন কাৰ্য ৷ নিৰ্বিকাৰ হৈ আছে লামডিঙ বন বিভাগ ৷ চৰকাৰক লাখ লাখ ৰাজহ কৰ ফাকি দি লামডিঙ একাংশ বালি মাফিয়াই লামডিঙৰ নদীসমূহৰ বিভিন্ন ঠাইৰ পৰা বালি খনন কৰি ৰমৰমীয়া ব্যৱসায়ী কৰাৰ অভিযোগ উত্থাপন হৈছে।

লামডিং নিউ কলনী পাম্প ৰ'ড আৰু বৰবস্তি সীমাত থকা নদীৰ দৃশ্য এয়া ৷ দিন দুপৰতে একাংশই নিৰ্ভীক বালি মাফিয়াই  চলাইছে বালি ছিণ্ডিকেট ৷ নিৰৱ দৰ্শকৰ ভূমিকাত  লামডিং বন বিভাগ।