লামডিঙত দিন দুপৰতে চলিছে বালিৰ চিণ্ডিকেট, নীৰৱ ভূমিকাত ৰাজ্যৰ বন বিভাগ!

corruption

ৰাজ্যত অব্যাহত আছে অবৈধ  নদী খনন কাৰ্য। 

যি সময়ত ৰাজ্যত মুখ্যমন্ত্ৰী গৰাকীয়ে  দুৰ্নীতি বিৰুদ্ধে তৎপৰ হোৱা দেখা গৈছে তেনেসময়ত হোজাই জিলাৰ লামডিঙত একাংশ বলি মাফিয়াই চলাইছে নদী খনন কাৰ্য ৷ নিৰ্বিকাৰ হৈ আছে লামডিঙ বন বিভাগ ৷ চৰকাৰক লাখ লাখ ৰাজহ কৰ ফাকি দি লামডিঙ একাংশ বালি মাফিয়াই লামডিঙৰ নদীসমূহৰ বিভিন্ন ঠাইৰ পৰা বালি খনন কৰি ৰমৰমীয়া ব্যৱসায়ী কৰাৰ অভিযোগ উত্থাপন হৈছে।

লামডিং নিউ কলনী পাম্প ৰ'ড আৰু বৰবস্তি সীমাত থকা নদীৰ দৃশ্য এয়া ৷ দিন দুপৰতে একাংশই নিৰ্ভীক বালি মাফিয়াই  চলাইছে বালি ছিণ্ডিকেট ৷ নিৰৱ দৰ্শকৰ ভূমিকাত  লামডিং বন বিভাগ।

bali syndicate

স্থানীয় ৰাইজৰ অভিযোগ লামডিঙৰ পাম্প ৰ'ড-বৰবস্তি নদীৰ পৰা প্ৰতি দিনতে প্ৰায় ১০খন ৰ অধিকক বালি ভৰ্তি ট্ৰাক পাৰ হৈ যায়। 

এনে বালি ট্ৰাকৰ অবাধ চলাচলৰ ফলত অঞ্চলটোৰ  কোটিটকীয়া চৰকাৰী পথো বিধ্বস্ত হৈ পৰিছে যাৰ ফলত এতিয়া জিয়াতু ভুগিব লগা হৈছে সাধাৰণ ৰাইজ ৷ ৰাইজে অভিযোগ তুলিছে যে অভাৰ লোডেত এনেবোৰ ট্ৰাকে চিচি ব্লকৰ পথ বৰ্তমান ধোৱাচাঙত উঠিছে ৷ 

প্ৰশ্ন হয় কাৰ আশীৰ্বাদত লামডিংত চলিছে বনধ্বংসৰ যজ্ঞ ৷ কিয় নীৰৱ দৰ্শকৰ ভূমিকাত লামডিং বন বিভাগ?
 

Category
Profile picture for user UB Photos