rickshaw driver

উদ্ভট তথাপিও এটা নিখুঁত মচলা বলীউড কাহিনী, এজন কোটিপতি ব্যৱসায়ীৰ পত্নীয়ে এজন অটো-ৰিক্সা চালকৰ সৈতে পলাতক। ৰিক্সা চালকজল তেওঁতকৈ ১৩ বছৰ সৰু বুলি জনা গৈছে।

তেওঁৰ পত্নী সন্ধানহীন হোৱাৰ পিছত, ব্যৱসায়ীজনে ১৩ অক্টোবৰত ইণ্ডোৰৰ খাজৰানা অঞ্চলত আৰক্ষীত গোচৰ ৰুজু কৰিছিল। ব্যৱসায়ীজনে অভিযোগটোত উল্লেখ কৰিছিল যে তেওঁৰ পত্নীয়ে ঘৰৰ পৰা ৪৭ লাখ টকা লৈ পলাই গৈছে।

উল্লেখ্য় যে অটো-ৰিক্সা চালকজনে প্ৰায়ে পত্নীক ঘৰত থবলৈ আহিছিল।

১৩ অক্টোবৰত নিশা বহু দেৰিলৈকে ঘৰলৈ উভতি নহাত স্বামীয়ে নিৰুদ্দেশ হোৱা বুলি সন্দেহ কৰে। পিছত, তেওঁ অনুভৱ কৰে যে তেওঁৰ ঘৰৰ পৰা ৪৭ লাখ টকা নাই।