স্বামী কোটিপতি! নগদ ৪৭ লাখ টকা লৈ ৰিক্সা চালকৰ সৈতে পলাল পত্নী

Crorepati’s wife runs away with rickshaw driver carrying Rs 47 lakh in cash

উদ্ভট তথাপিও এটা নিখুঁত মচলা বলীউড কাহিনী, এজন কোটিপতি ব্যৱসায়ীৰ পত্নীয়ে এজন অটো-ৰিক্সা চালকৰ সৈতে পলাতক। ৰিক্সা চালকজল তেওঁতকৈ ১৩ বছৰ সৰু বুলি জনা গৈছে।

তেওঁৰ পত্নী সন্ধানহীন হোৱাৰ পিছত, ব্যৱসায়ীজনে ১৩ অক্টোবৰত ইণ্ডোৰৰ খাজৰানা অঞ্চলত আৰক্ষীত গোচৰ ৰুজু কৰিছিল। ব্যৱসায়ীজনে অভিযোগটোত উল্লেখ কৰিছিল যে তেওঁৰ পত্নীয়ে ঘৰৰ পৰা ৪৭ লাখ টকা লৈ পলাই গৈছে।

উল্লেখ্য় যে অটো-ৰিক্সা চালকজনে প্ৰায়ে পত্নীক ঘৰত থবলৈ আহিছিল।

১৩ অক্টোবৰত নিশা বহু দেৰিলৈকে ঘৰলৈ উভতি নহাত স্বামীয়ে নিৰুদ্দেশ হোৱা বুলি সন্দেহ কৰে। পিছত, তেওঁ অনুভৱ কৰে যে তেওঁৰ ঘৰৰ পৰা ৪৭ লাখ টকা নাই।

এতিয়ালৈকে আৰক্ষীয়ে বিষয়টো তদন্ত কৰি আছে আৰু কোটিপতি গৰাকীৰ পত্নী আৰু অটো-ৰিক্সা চালকৰ সন্ধান চলি আছে।

প্ৰকাশ পোৱা অনুসৰি অটো-ৰিক্সা চালকজনৰ নাম ইমৰান। তেওঁৰ বয়স ৩২ বছৰ।

আৰক্ষীয়ে চালক আৰু অভিযুক্ত মহিলাগৰাকীক বিচাৰি উলিওৱা সকলো ঠাইত তালাচী চলাই আছে।

Category
Profile picture for user UB Photos