'INS Ranvijay'

ভাৰতীয় নৌ সেনাৰ জাহাজত অঘটন। শনিবাৰে ভাৰতীয় নৌ সেনাৰ ধ্বংসকাৰী জাহাজ INS Ranvijayত অগ্নিৰ সূত্ৰপাত হোৱাৰ লগতে জাহাজৰ ভিতৰতে বানপানীৰ সৃষ্টি হয়। 

বিশাখাপট্টনম উপকূলত সংঘটিত হয় এই ঘটনা। অগ্নিকাণ্ডৰ ফলত অগ্নিনিৰ্বাপক প্ৰক্ৰিয়াৰ সৈতে জড়িত চাৰিজন নাবিক গুৰুতৰভাৱে আহত হয়। নৌ অনুশীলনৰ পৰা উভতি আহি বিশাখাপট্টনমৰ বন্দৰত উপস্থিত হোৱাৰ পিছতেই INS Ranvijayত সংঘটিত হয় এই ঘটনা। অৱশ্যে, জাহাজখনত অগ্নিৰ সূত্ৰপাতৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰম্ভ কৰা হৈছে তদন্ত।