Period Time Off

ঋতুস্ৰাৱ হৈছে সকলো মহিলাৰ মাহেকীয়া সমস্যা। ঋতুস্ৰাৱৰ সময়ত মহিলাসকলে বিভিন্ন ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। সেয়েহে নিজৰ মহিলা কৰ্মচাৰীসকলৰ সুবিধাৰ্থে অনলাইন খাদ্য বিতৰণ কোম্পানী Swiggyয়ে কৰিছে এক বিশেষ ঘোষণা। মহিলা কৰ্মচাৰীসকলৰ সুবিধাৰ বাবে Swiggyয়ে ঘোষণা কৰিছে মাহেকীয়া period time-off পলিচি।

মাহেকীয়া হৈ থকাৰ সময়ত অতি কষ্টৰে মহিলাসকলে খাদ্যৰ ডেলিভাৰী দিবলৈ যাওঁতে মহিলাসকলে সন্মুখীন হোৱা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি Swiggyয়ে লৈছে এই বিশেষ পদক্ষেপ। নতুন পলিচি অনুসৰি Swiggyৰ ডেলিভাৰী দিয়া মহিলাসকলে মাহেকত দুদিনকৈ বন্ধ ল’ব পাৰিব।