অশান্ত ৰাজধানী চহৰ দিল্লী। শুকুৰবাৰে দিল্লীৰ চিংগো সীমান্তত নৃশংসভাৱে হত্যা কৰা হয় এজন ব্যক্তিক।
কৃষকৰ প্ৰতিবাদী ধ্বনিৰে মুখৰিত হৈ থকা দিল্লীত আৰক্ষীৰ বেৰিকেডত ওলেমাই হত্যা কৰা হয় ৩৫ বছৰীয়া এজন ব্যক্তিক। ক্ষোভিত কৃষকে প্ৰতিবাদ কৰি থকা ঠাইত উদ্ধাৰ কৰা হয় মৃতদেহটো। হাত-ভৰি কাটি বেৰিকেডত ওলোমাই ৰখা হৈছিল মৃতদেহটো।
সংযুক্ত কিষাণ মৰ্চাই এই ঘটনাৰ লগত নিসংগ শিখ জড়িত থকাৰ কথা উল্লেখ কৰে। সংযুক্ত কিষাণ মৰ্চাৰ মুৰব্বীগৰাকীয়ে কয় যে, 'ঘটনাৰ সৈতে জড়িত আছে নিসংগ শিখ'।