arvind trivedi latest news

এসময়ৰ জনপ্ৰিয় ধাৰাবাহিক ৰামায়ণত ৰাৱণৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয় হৈ উঠা প্ৰসিদ্ধ অভিনেতা অৰবিন্দ ত্ৰিবেদীৰ দেহাবসান।  মঙ্গলবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰিলে অভিনেতাগৰাকীয়ে। মৃত্যুৰ সময়ত অৰবিন্দ ত্ৰিবেদীৰ বয়স আছিল ৮২ বছৰ। দীৰ্ঘদিন ধৰি হৃদৰোগত আক্ৰান্ত হৈ আছিল অভিনেতাগৰাকী।

মঙলবাৰে নিশা প্ৰায় ৯.৩০ বজাত ত্ৰিবেদীয়ে হৃদৰোগত আক্ৰান্ত হৈছিল। তাৰ পিছতে কান্দিভলীত থকা তেওঁৰ ঘৰত শেষ নিশ্বাস ত্যাগ কৰিছিল। এইগৰাকী অভিনেতাই ৰামায়ণৰ উপৰিও ‘বিক্ৰম আৰু বেটাল’তো সুন্দৰ অভিনয় কৰিছিল। তাৰোপৰি তেওঁ হিন্দী আৰু গুজৰাটীকে ধৰি প্ৰায় ৩০০ খন চলচ্চিত্ৰতো অভিনয় কৰিছিল।