M. Venkaiah Naidu

কাইলৈ অসমলৈ আহিব উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু। দেওবাৰে, গুৱাহাটীত উপস্থিত হ’ব দেশৰ উপ-ৰাষ্ট্ৰপতিগৰাকী।

গুৱাহাটীত অসম চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে। মুকলি কৰিব ব্ৰহ্মপুত্ৰৰ পাৰৰ হেৰিটেজ কাম কালচাৰেল চেণ্টাৰ। লগতে কৰ্কট ৰোগীসকলৰ বাবে মুকলি কৰিব PET MRI।

দেশৰ উপ-ৰাষ্ট্ৰপতিগৰাকীৰ আগমনৰ পূৰ্বে সজাই-পৰাই তোলা হৈছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ। কলাক্ষেত্ৰত অনুষ্ঠিত কৰা হ’ব গোপীনাথ বৰদলৈ বঁটা প্ৰদান অনুষ্ঠান। এই অনুষ্ঠানত ভেংকায়া নাইডুৱে প্ৰদান কৰিব গোপীনাথ বৰদলৈ বঁটা।