Viral Letter

ভীষণ সমস্যাত পৰিছে অসমৰ দুটি কণমানি। নিজৰ সমস্যা সমাধানৰ বাবে অপাৰগ দুয়োজনে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ লিখিছে এখন চিঠি।

ছবছৰীয়া কণমানি ৰাওজা আৰু তাইৰ পাঁচবছৰীয়া ভায়েক আৰিয়ানে তেওঁলোৰ আগফালৰ দাঁত দুটা নগজাত এতিয়া সমস্যাত পৰিছে বায়েক-ভায়েক। কণমানি দুটাৰ দাঁত গজিবলৈ সময়তকৈ অধিক সময় লোৱাত নিৰুপায় ৰাওজা আহমেদ আৰু আৰিয়ান ইছলামে লিখিছে এই চিঠি। দাঁত দুটা নোহোৱাৰ বাবে প্ৰিয় খাদ্য খোৱাত কণমানি দুটাৰ অসুবিধা হোৱাৰ কথা উল্লেখ কৰে চিঠিৰ জৰিয়তে।