হাজাৰ-হাজাৰ সভ্যতাৰ জীয়া কাহিনী কঢ়িয়াই ফুৰে নদীখনে। নদীতেই জাহ যায়, নদীতেই প্ৰাণ পাই উঠে কত কাহিনী। নদীৰ পাৰতেই গঢ় লৈ উঠে প্ৰত্যেক সভ্যতা।
প্ৰতি বৰ্ষৰ ছেপ্টেম্বৰৰ অন্তিমটো দেওবাৰে বিশ্বজুৰি পালন কৰা হয় নদী দিৱস। বিশ্বৰ জলসম্পদ নদীসমূহৰ সংৰক্ষণ কৰাৰ লগতে জনসাধাৰণৰ মাজত নদীকেন্দ্ৰীক সজাগতা সৃষ্টিৰ উদ্দেশ্যে পালন কৰা হয় এই দিৱস।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন ক্যী বাত অনুষ্ঠানতো নদী দিৱসৰ প্ৰসংগ টানি প্ৰেৰণ কৰে এক বিশেষ বাৰ্তা। নদীক পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিবলৈ আমাৰ সকলোৰে থকা দায়িত্বৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।