Cheetah

জম্মু-কাশ্মীৰত অঘটন। ভাৰতীয় সেনা এভিয়েচন কৰ্পচৰ হেলিকপ্টাৰ দুৰ্ঘটনাত নিহত দুজন পাইলট। জম্মু-কাশ্মীৰৰ উধমপুৰত মঙলবাৰে সংঘটিত এই ঘটনা।

আঘাতপ্ৰাপ্ত পাইলট দুজনক জৰুৰীকালীন চিকিৎসাৰ বাবে ততাতৈয়াকৈ হাস্পতাললৈ লৈ যোৱা হয় যদিও শেষ নিশ্বাস ত্যাগ কৰে দুয়োজনে। ইয়াৰে এজন আছিল কেপ্টেইন আৰু আনজন আছিল মেজৰ। নিহত জোৱান দুজন ক্ৰমে মেজৰ ৰোহিত কুমাৰ আৰু মেজৰ অনুজ ৰাজপুত।