JEE Main 2021

মঙলবাৰে নিশা ঘোষণা কৰা হ'ল জেইই মেইন ৰ ফলাফল।

শিক্ষা মন্ত্ৰালয়ৰ আনুষ্ঠানিক বিবৃতিত প্ৰকাশ কৰে যে এই বছৰৰ জেইই মেইন ২০২১ প্ৰৱেশ পৰীক্ষাৰ চাৰিওটা অধিৱেশনতে মুঠ ৪৪ জন শিক্ষাৰ্থীয়ে ১০০ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।

সেই অনুসৰি, এই বছৰ ১৮ জন শিক্ষাৰ্থীয়ে লাভ কৰিছে ৰেঙ্ক ১।

ইফালে, যিসকল প্ৰাৰ্থীয়ে তেওঁলোকৰ ফলাফল সমূহ চাব বিচাৰে তেওঁলোকে জেইই মেইনৰ অফিচিয়েল ৱেবছাইট jeemain.nta.nic.in জৰিয়তে চাব পাৰিব।

৭.৩২ লাখতকৈও অধিক শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল।