honoured

বলিষ্ঠ অভিনয়েৰে ৰাষ্ট্রীয়–আন্তঃৰাষ্ট্রী পর্যায়ত সুখ্যাতি অর্জন কৰিবলে সক্ষম হোৱা অসমৰ সুযোগ্য সন্তান আদিল হুছেইনে পুনৰ লাভ কৰিছে আন এক সুনাম৷

ৱাশ্বিংটন ডিচি ছাউথ এছিয়ান ফিল্ম ফেষ্টিভেলত সর্বশ্রেষ্ঠ অভিনেতাৰ সন্মানেৰে সন্মানিত হৈছে আদিল হুছেইনে৷ ‘ৰাহগিৰ’ নামৰ ছবিত কৰা অভিনয়ৰ বাবে আদিল হুছেইনলৈ আগবঢ়োৱা হৈছে এই সন্মান৷

এই বাতৰিটো নিজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে প্রকাশ কৰাৰ লগতে এই সন্মান লাভ কৰি তেওঁ আনন্দিত বুলি প্রকাশ কৰে৷