Pithoragarh

উত্তৰাখণ্ডত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। এই ভূমিস্খলনত ধ্বংসাৱশেষৰ তলত জীৱন্তে সমাধিস্থ হোৱা ২ শিশুৰ নিথৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। লগতে ৭ জন লোক এতিয়াও ধ্বংসাৱশেষৰ তলত আছে।

ৰাজ্যখনৰ পিথোৰাগড়ৰ পিথোৰাগড়ৰ জুম্মা গাঁৱৰ ওচৰত সংঘটিত হৈছে এই ভূমিস্খলনৰ ঘটনা।

কেইবাদিনো ধৰি নেৰানেপেৰাকৈ দিয়া বৰষুণ আৰু ধুমুহাৰ ফলত দেওবাৰৰ নিশা ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। হৰহৰাই খহি পৰে পাহাৰৰ এক বৃহৎ অংশ। ঘৰে মানুহে সোমাই আৱদ্ধ হৈ পৰে সেই খহি পৰা মাটিৰ ভিতৰত।