Happy Krishna Janmashtami 2021

পঞ্জিকা অনুসৰি, ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমীৰ দিনা ৰোহিণী নক্ষত্ৰত জন্মাষ্টমী পালন কৰা হয়। কৃষ্ণ জন্মাষ্টমী উৎসৱ প্ৰতি বছৰে আগষ্টৰ মাজভাগৰ পৰে।

কৃষ্ণ জন্মাষ্টমীত ব্ৰত ৰখাসকলে জন্মাষ্টমীৰ দিনা প্ৰথম পৰ্যায়ত প্ৰয়োজনীয় উপকৰণ, দুৰ্বা, ধূপ, চাকি, নৈবেদ্য, পঞ্চগব্য, পঞ্চগুড়ি, বালি, পঞ্চবৰ্ণ, ফুল, আতপ চাউল, ফলৰ  তুলসী পাত, আবিৰ, মৌ, আসন আদি সংগ্ৰহ কৰিব লাগে। কৃষ্ণৰ ভোগৰ বাবে মাখন আৰু মিছড়িৰ ভোগ দান কৰিব লাগে। তুলসী পাত কৃষ্ণৰ অতি প্ৰিয়। সেয়েহে ভোগৰ সৈতে তুলসী পাত দিয়াটো জৰুৰি৷